on

অসম টেট ২০১৯ সমাজ বিজ্ঞানৰ ৫০ টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

অসম টেট ২০১৯ সমাজ বিজ্ঞানৰ ৫০ টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

সমাজ বিজ্ঞান

১) প্ৰশ্ন : ফৰাচী বিপ্লৱৰ জন্মদাতা কোন?
উত্তৰ : ৰুচো।

২) প্ৰশ্ন : কোন দেশৰ লিখিত সংবিধান নাই?
উত্তৰ : ইংলেণ্ডৰ।


৩) প্ৰশ্ন : খ্ৰীষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে?
উত্তৰ : ১৪৯২ চনত।

৪) প্ৰশ্ন : কোন ন’বেল বঁটা বিজয়ী আততায়ীৰ হৰ্তত নিহত হৈছিল?
উত্তৰ : মাৰ্টিন লুথাৰ কিওং।

৫) প্ৰশ্ন : এচিয়ান ডেভেলপ১মেণ্ট বেংকৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?
উত্তৰ : ফিলিপাইনৰ ৰাজধানী মেনিলাত।

৬) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ : জৰ্জ ৱাচিংটন।

৭) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক’ত আছে?
উত্তৰ : গ্ৰীণউইচৰ মান মন্দিৰত।

৮) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্টই ভেটো প্ৰদান কৰিব পাৰে?
উত্তৰ : পাঁচখন, আমেৰিকা, ৰাচিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে।

৯) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে?
উত্তৰ : জাপানত।

১০) প্ৰশ্ন : বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ ‘কিউবা’ বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সশস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নায়ক তথা বৰ্ত্তমানৰ ৰাষ্ট্ৰনায়কজনৰ নাম কি?
উত্তৰ : ফিদেল কেষ্ট্ৰো (বৰ্তমান ৰাউল কেষ্ট্ৰো)।

১১) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি?
উত্তৰ : উইলিয়াম হেনৰি গেটছ্‌।

১২) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ  প্ৰতিষ্ঠান বি.বি.চি. ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন। (British Broadcasting Corporation)।

১৩) প্ৰশ্ন : সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামানিকৰুপে স্বীকৃত বিশ্বকোষখনৰ নাম কি?
উত্তৰ : এনচাইক্লোপেডিয়া ব্ৰিটেইনিকা। (Encyclopedia Britannica)

১৪) প্ৰশ্ন : কাৰ দ্বাৰা কিমান চনত বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হয়।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ দ্বাৰা, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত এই বেংক প্ৰতিষ্ঠা কৰা হয়?

১৫) প্ৰশ্ন : হোৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্ন হ’ল- হোৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু?
উত্তৰ : ইয়েল’ৰিভাৰ (Yellow River)।

১৬) প্ৰশ্ন : কনষ্টানটিনপ’ল এখন ইতিহাস প্ৰসিদ্ধ ৰোমান চহন। বৰ্ত্তমান এই চহৰখনক আমি কি বুলি জানো?
উত্তৰ : ইষ্টানবুল (তুৰ্কী)।

১৭) প্ৰশ্ন : ইণ্টাৰনেশ্যনেল ৰেডক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ : জেনেভাত।

১৮) প্ৰশ্ন : বগা হাতীৰ দেশ (Land of White Elephants) বুলি কোন দেশক বুজোৱা হয়?
উত্তৰ : থাইলেণ্ড।

১৯) প্ৰশ্ন : কি যুদ্ধৰ পৰাজয়ক নেপোলিয়নৰ ৰাজত্বৰ অৱসান বুলি ধৰা হয়?
উত্তৰ : ৱাটাৰলু (১৮১৫ চন)।

২০) প্ৰশ্ন : ইউনাইটেড কিংডমৰ সম্পূৰ্ণ ৰুপটো কি?
উত্তৰ : United Kingdom of Great Britain and Northern Ireland.

২১) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।

২২) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

২৩) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

২৪) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

২৫) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

২৬) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৭) প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

২৮) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

২৯) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

৩০) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।