on

Assam TET 2021 শিশুৰ বিকাশ আৰু শিক্ষণশৈলীৰ Important 30 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

শিশুৰ বিকাশ আৰু শিক্ষণশৈলী


১/ শিশুৰ শিক্ষা ৰ প্ৰথম স্থান কি?

উত্তৰ=পৰিয়াল।

   ২/ শিশুৰ জ্ঞান আহৰণ ৰ প্ৰাথমিক স্তৰ কি?

উত্তৰ= বাহ্যিক পৰিৱেশ ।

   ৩/কোনটো বয়স ক শিশুৰ বিকাশৰ প্ৰধান স্তৰ বুলি কোৱা হয়?


উত্তৰ= ৫/৬ বছৰৰ পৰা ১১/১২ বছৰলৈ

   ৪/ বিকাশ ৰ মূল উপাদান কেইটা?

উত্তৰ= ৪ টা

   ৫/ শিশুৰ বিকাশ আৰম্ভ হয়  -

উত্তৰ= গৰ্ভাৱস্থা ৰ পৰা।

   ৬/ বাল্য কালৰ এটা প্ৰধান বৈশিষ্ট্য লিখা ।

উত্তৰ=সমকামিতা।

   ৭/শিশু শিক্ষা ত ইন্দ্ৰিয় প্ৰশিক্ষণ ৰ পক্ষপাতী কোন আছিল?

উত্তৰ= মাৰিয়া মন্টেছৰী।

   ৮/ এটা শিশু ৰ শিক্ষণ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ=বুদ্ধিৰ ওপৰত

   ৯/ তিনি বছৰীয়া শিশুৰ  সৱল ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে_______।

উত্তৰ= মাকে।

   ১০/ মানসিক স্বাস্থ্য বিজ্ঞান ৰ জন্মদাতা কোন আছিল?

উত্তৰ= ডব্লিউ বিয়াৰ।

   ১১/ শিক্ষাবিদ ডব্লিউ এম. ৰাইবৰ্নে বিকাশ ৰ স্তৰক কেইটা স্তৰ ত ভাগ কৰিছিল?

উত্তৰ= ছয়টা।

   ১২/শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে_________।

উত্তৰ= ঘৰখনে।

   ১৩/ আধুনিক শিশু কেন্দ্ৰিক শিক্ষাৰ জন্মদাতা কোন ?

উত্তৰ=ৰুছো।

   ১৪/ বিদ্যালয় এখন হ'ল - -

উত্তৰ=ক্ষুদ্ৰ সমাজ।

   ১৫/অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কিমান চনত কৰা হৈছিল?

উত্তৰ=১৯২৬

    ১৬/শিশুৰ আবেগিক জীৱনত সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন - -

উত্তৰ= মৰমৰ।

    ১৭/ আধুনিক শিক্ষা ব্যৱস্থা এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য কি?

উত্তৰ=শিক্ষাৰ্থীক জ্ঞান দান কৰা।

    ১৮/আমাৰ দেশত  শিশুক কিমান বছৰ বয়সত  আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়?

উত্তৰ= ৬ বছৰত।

   ১৯/ আধুনিক শিক্ষা ব্যৱস্থা ______।

উত্তৰ= শিশু কেন্দ্ৰিক।

    ২০/বৰ্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ'ল________।

উত্তৰ=১০+২+৩

   ২১/ শিশুৰ ভাষাৰ বিকাশ কোন সময় ত হয়?

উত্তৰ = পূৰ্ব বাল্যকাল

    ২২/ শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয়?

উত্তৰ = বাল্যকাল।

   ২৩/ কৈশোৰ কালৰ আন কি নামেৰে জনা যায়?

উত্তৰ= ধুমুহা আৰু পীড়ন ৰ কাল ।

    ২৪/এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয়_________।

উত্তৰ= জন্মৰ পৰা দুই মাহলৈ।

    ২৫/ প্ৰশ্ন সোধা কালছোৱাক কি বোলে?

উত্তৰ=শৈশৱ কাল।

    ২৬/ শিক্ষণ ৰ ভিত্তি হল - -

উত্তৰ= অভিৰোচন।

    ২৭/ শিক্ষকে পিছ পৰা শিশু সকলক কেনেদৰে শিক্ষা প্ৰদান কৰিব লাগে ?

উত্তৰ= অত্যধিক মৰম - চেনেহ আৰু আত্মবিশ্বাস ৰ মাজেৰে ।

    ২৮/ ১৪০ ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষাৰ্থী সকলক কোৱা হয় ____________।

উত্তৰ= প্ৰতিভাশালী।

   ২৯/প্ৰাক - প্ৰাথমিক স্কুলত শিক্ষা কেনেদৰে প্ৰদান কৰে?

উত্তৰ= খেলা - ধূলা ৰ মাধ্যমত।

    ৩০/ শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো প্ৰয়োজনীয় নে অপ্ৰয়োজনীয়?

উত্তৰ= অপ্ৰয়োজনীয়।