on

Assam TET 2019 Social Science Important 40 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

Assam TET 2019 Social Science Important 40 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰAssam TET 2019 Social Science Important 40 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ



১) প্ৰশ্ন : অসমৰ মাটিকালি কিমান?

উত্তৰ : ৭৮,৪৩৮ বৰ্গ কি:মি:।



২) প্ৰশ্ন : অসমৰ মুঠ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ : ২০০১ চনৰ লোকপিয়ল মতে ২৬,৬৩৮,৪০৭ জন ; সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ।

৩) প্ৰশ্ন : অসমৰ সৰ্বমুঠ জিলা কেইখন?

উত্তৰ : ৩২ খন।

৪) প্ৰশ্ন : প্ৰাচীন কামৰুপক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল?

উত্তৰ : চাৰিটা। (ক) ৰত্নপীঠ, (খ) কামপীঠ, (গ) সুৱৰ্ণপীঠ, (ঘ) সৌমাৰপীঠ।

৫) প্ৰশ্ন : আহোমসকল কেতিয়া অসমলৈ আহিছিল?

উত্তৰ : ইংৰাজী ১২২৮ চনত।

৬) প্ৰশ্ন : অসমৰ বিৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?

উত্তৰ : আহোম সকলে।

৭) প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ।

৮) প্ৰশ্ন : কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল?

উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত।

৯) প্ৰশ্ন : আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰ : চাওলুং চুকাফা।

১০) প্ৰশ্ন : আহোম ৰাজত্বৰ সোণালী যুগত ‘দেশদ্ৰোহী’ৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?

উত্তৰ : ৰুপ সিং বঙালে।

১১) প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।

১২) প্ৰশ্ন : বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?

উত্তৰ : সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে।

১৩) প্ৰশ্ন : কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?

উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)

১৪) প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া।

১৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?

উত্তৰ : হাজোত।

১৭) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?

উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

১৮) প্ৰশ্ন : অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?

উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

১৯) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

২০) প্ৰশ্ন : ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং।

২১) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।

২২) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

২৩) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

২৪) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

২৫) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

২৬) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৭) প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

২৮) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

২৯) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

৩০) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।

৩১) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?

উত্তৰ : তৰুণৰাম ফুকন।

৩২) প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৩ চনত।

৩৩) প্ৰশ্ন : বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৭৯ চনত।

৩৪) প্ৰশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?

উত্তৰ : ১৯৭৯ চনত।

৩৫) প্ৰশ্ন : কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?

উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)

৩৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?

উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।

৩৭) প্ৰশ্ন : স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?

উত্তৰ : পিয়লি ফুকন।

৩৮) প্ৰশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।

৩৯) প্ৰশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।

৪০) প্ৰশ্ন : তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?

উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)













Previous Assam TET Important Question CLick Here